আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠান।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সমাৱৰ্তন অনুষ্ঠান।।সমাৱৰ্তন অনুষ্ঠান।উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা
ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰে সমাৱৰ্তন।
কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ডি. লিট সন্মান।।কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে আগবঢ়োৱা D. Litt সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। এই সন্মান গ্ৰহণ কৰি আৱেগিক হৈ পৰে পামী বৰঠাকুৰ।
ইফালে কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি নষ্টালজিক হৈ পৰে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘নিজে পঢ়ি অহা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত অতিথি ৰূপত আহিবলৈ যেতিয়া সুযোগ লাভ কৰোঁ, সেয়া মোৰ বাবে অতীত ৰোমন্থনৰ লগতে শিক্ষানুষ্ঠানখনৰ বর্তমান প্রজন্মৰ শিক্ষার্থীসকলক সাক্ষাতৰ আনন্দ বোটলাৰ এক মাধ্যম হৈ পৰে। আজি মাননীয় ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ডাঙৰীয়াৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হোৱাৰ সময়খিনিও এনে অনুভৱেৰেই ধুনীয়া হৈ পৰিছে। এই সুযোগতে কটন বিশ্ববিদ্যালয়ৰ সমূহ উত্তীৰ্ণ শিক্ষার্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।’’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কটন বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত থাকিব পাই মোৰ গৌৰৱান্বিত হৈছোঁ। এই বিশ্ববিদ্যালয়ৰ পৰা মই আজি এই পৰ্যায় পাইছোঁ। ১৯৮৫ চনত আমি ৰাজ্যখনে নতুন আশাৰ পৰিবেশ দেখা পাইছিলোঁ। সেই সময়ত অসম আন্দোলন সমাপ্ত হৈছিল। আমি শৈক্ষিক উত্তৰণ দেখা পোৱা নাছিলোঁ। উচ্চ শিক্ষানুষ্ঠান নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল পুনে-মহাৰাষ্ট্ৰৰ দৰে স্থানলৈ পঢ়িবলৈ গৈছিল। বন্দুকৰ শব্দৰ ক’লা ডাৱৰে আৱৰি ধৰিছিল। সংগ্ৰাম আৰু সংঘাতৰ মাজতে জীবন যাপন কৰিবলগীয়া হৈছিল। কেতিয়াও আমি ভবা নাছিলোঁ ভাল দিন আহিব বুলি। সদায় অন্ধকাৰৰ মাজত থাকিব লাগিব, তেনে ধাৰণা হৈছিল। কিন্তু, ক’ব নোৱৰাকৈ ভাল দিন আহিছে। মেডিকেল, ইঞ্জিনীয়াৰিং অথবা আন আন শিক্ষাানুষ্ঠান বৃদ্ধি হৈছে।’’
- Log in to post comments