জুবিন বিহীন জুবিন গাৰ্গৰ বহু হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’,ছবিখন উপভোগ কৰি কান্দি কান্দি চিনেমা হলৰ পৰা ওলাই আহিল অনুৰাগী

Zubeen Garg

অৱশেষত মুক্তি লাভ কৰিলে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবিখন। বহু প্ৰতীক্ষিত ছবি ‘ৰৈ ৰৈ বিনালে’ অসমৰ লগতে দেশৰ আন বহু কেইখন ৰাজ্যত মুক্তি লাভ কৰে।

আজি প্ৰথমটো দৰ্শনীতে লাখ লাখ লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবি গৃহত উপভোগ কৰিলে। সকলোৰে আপোন শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবিখন চাই আৱেগিক হৈ পৰিল সকলো।

হুকহুকাই কান্দি ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক।

Category