ৰাজ্যত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বেহা।
হোজাইৰ মোৰাঝাৰৰ আমবাৰীত নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষীৰ অভিযান
আৰক্ষীৰ অভিযানত এখন নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক।
ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, লখিমপুৰৰ বিহপুৰীয়াৰ আকবৰ আলী আৰু আনটো হোজাই মোৰাঝাৰৰ মৌডাংগা পথাৰৰ বিলাল উদ্দিন।
সৰবৰাহকাৰী দুটাৰ কৱলৰ পৰা এখন নকল সোনৰ নাওৰ উপৰিও দুটা মোবাইল ফোন আৰু AS31B 8981 নম্বৰৰ পালচাৰ বাইক উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওখনৰ ওজন ১.৬ কিলোগ্ৰাম।
এক গোপন তথ্যৰ ভিত্তিত যোৱা মঙলবাৰে নিশা মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মোৰাঝাৰৰ আমবাৰীত চলাইছিল অভিযান।
দুই সৰবৰাহকাৰীয়ে মোৰাঝাৰ অঞ্চলক কেনো লোকক বিক্ৰি কৰিবলৈ এই নকল সোণৰ নাওখন লক্ষিমপুৰৰ পৰা মোৰাঝাৰলৈ সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে।
বুধবাৰে দুই সৰবৰাহকাৰীক আৰক্ষীয়ে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
- Log in to post comments