শ্ৰীভূমিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা;শুই থকা অৱস্থাত মহিলাক দাৰে ডিঙি কাটিলে দুৰ্বৃত্তই

 Sensational Incident

হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

পুনৰ ৰাজ্যত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। এইবাৰ শ্ৰীভূমিৰ ৰাতাবাড়িত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।

শুই থকা অৱস্থাত মহিলাক দাৰে ডিঙি কাটিলে দুৰ্বৃত্তই।এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্ত।

ঘটনা পোহৰলৈ অহাৰ লগে লগে মহিলাগৰাকীক চিকিৎসালয় লৈ যোৱা হয় যদিও চিকিৎসালয় লৈ যোৱা পথত মৃত্যু হয় মহিলাগৰাকীৰ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাকাণ্ডৰ কাৰণ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

শ্ৰীভূমিৰ ৰাতাবাড়িৰ থানাৰ অন্তৰ্গত অসম মিজোৰাম সীমান্তবর্তী এলাকাৰ কালাগাঙ গাওঁত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনাটো।

Category