কলিয়াবৰৰ শিলঘাটত গঁড়ৰ মৃত্যু

Rhino Carcass Found in Assam’s Kaliabor

ৰাজ্যৰ পুনৰ গড়ৰ মৃত্যু। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়ৰ মৃত্যু।

জানিব পৰা মতে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা গড় কলিয়াবৰৰ শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্রয় লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।

বুধবাৰে পুৱা কলিয়াবৰ চাহ বাগিচাৰ কাষত স্থানীয় লোকে গড়টোৰ মৃতদেহ প্রতাক্ষ কৰে। লগে লগে ঘটনা সন্দৰ্ভত শিলঘাটৰ বন বিভাগৰ কৰ্মচাৰীসকল খবৰ দিয়ে। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবে ওখ ঠাইৰ পৰা তলত পৰি যোৱাৰ ফলত গঁড়টোৰ মৃত্যু হোৱা বুলি বন বিভাগে সন্দেহ কৰিছে।

পশু চিকিৎসকৰ পৰীক্ষাৰ পাছতহে সবিশেষ তথ্য পোহৰলৈ আহিব বুলি বন বিভাগৰ সূত্রই জানিবলৈ দিছে।।

Category