 
বিশ্বনাথৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ কাৰ্বি ব্লকৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰত খুন্দা বাইকৰ।ফলত থিতাতে নিহত এটি কিশোৰসহ দুগৰাকী কিশোৰী।
আৰক্ষীৰ সূত্ৰ মতে মৃত কিশোৰজনৰ বাইকৰ পিছফালে দুই কিশোৰী বহি গৈ আছিল। কিন্তু সেই সময়তে বাইকখনে এখন ট্ৰেক্টৰত খুন্দা মাৰে।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰেক্টৰখনে।
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও সন্ধান নাপালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ।
ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে মৃত কিশোৰ আৰু দুই কিশোৰীক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে।মৃত কিশোৰজনৰ নাম সোণাজুলিৰ চাহিল বসুমতাৰী আনহাতে কিশোৰী দুগৰাকী ৰূপাজুলীৰ আগনী নাৰ্জাৰী আৰু ৰাগিনা নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।
- Log in to post comments
 
     
 
 
 
 
