বিমানবন্দৰত এগৰাকী ৰহস্যময়ী মহিলা, হঠাৎ বিমানবন্দৰৰ পৰা অন্তৰ্ধ্যান মহিলাগৰাকী…

Where is 'Torenza'?

বিমানবন্দৰত এগৰাকী ৰহস্যময়ী মহিলা। কিন্তু হঠাৎ বিমানবন্দৰৰ পৰা অন্তৰ্ধ্যান মহিলাগৰাকী।

হয় ঠিকেই শুনিছে আপুনি,এটা ভাইৰেল ভিডিঅ’ই তোলপাৰ লগাইছে সমগ্ৰ বিশ্ব। ভিডিঅ’টোত দেখা গৈছিল এগৰাকী হিজাব পৰিহিতা মহিলাই এখন দেশৰ পাছপোৰ্ট লৈ নিউ ইউৱৰ্কৰ JFK বিমানবন্দৰত উপস্থিত হৈছিল। তাৰ পাছতেই হঠাতে বিমানবন্দৰৰ পৰা অন্তৰ্ধ্যান হৈছিল মহিলাগৰাকী। কিন্তু এইগৰাকী ৰহস্যময়ী মহিলাৰ বিষয়ে এতিয়া বিভিন্ন ধৰণৰ ৰহস্যজনক তথ্য পোৱা গৈছে। Pentagonৰ পৰা ‘লীক’ হোৱা কিছুমান নথিপত্ৰত পোহৰলৈ আহিছে বহু বিস্ময়কৰ তথ্য।

এতিয়া প্ৰশ্ন হ’ল কোন এই বিস্ময়কৰ মহিলা?

ক’ৰ পৰা আহিছিল এই ৰহস্যময়ী মহিলাগৰাকী?

প্ৰকৃততে কি ঘটিছিল মহিলাগৰাকীৰ সৈতে?

এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত। একাংশ লোকৰ মতে, তেওঁ এটা ব্যৰ্থ হোৱা জৈৱ-জেনেটিক পৰীক্ষাৰ অংশ আছিল, য’ত সমান্তৰাল মহাবিশ্বসমূহৰ মাজত ভ্ৰমণ সহ্য কৰিব পৰা বিষয়বস্তুবোৰৰ ওপৰত পৰীক্ষা কৰা হৈছিল।

সচৰাচৰ সামাজিক মাধ্যমত চৰ্চিত হৈ থকা ‘Parallel universe’ৰ যেন প্ৰতিফলন ঘটিল ৰহস্যময়ী মহিলাগৰাকীৰ সৈতে।

আনহাতে,জাপানৰ ট’কিঅ’ৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এই মহিলাগৰাকীৰ ওচৰত ‘টোৰেঞ্জা’ দেশৰ এটা পাছপোৰ্ট আছিল,যিটো একেবাৰে বৈধ যেন লাগিছিল, কিন্তু সমস্যাটো আছিল যে পৃথিৱীৰ মানচিত্ৰত যি দেশৰ কোনো অস্তিত্ব নাই,সেই দেশৰ ‘টোৰেঞ্জা’ বায়োমেট্ৰিক চিপ, হ’ল’গ্ৰাম, লগতে অন্য কাল্পনিক দেশসমূহৰ ষ্টেম্পো আছিল, যাৰ ফলত বিমানবন্দৰৰ কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে বিভ্ৰান্ত আৰু হতচকিত হৈছিল।

উল্লেখ্য যে ‘টোৰেঞ্জা’ কাণ্ডটোৱে ১৯৫৪ চনত ট’কিঅ’ৰ হানেদা বিমানবন্দৰত হোৱা এটা অনুৰূপ ঘটনাৰ কথাও মনত পেলায়। যেতিয়া এজন ব্যক্তিয়ে ‘টাউৰেড’ নামৰ অস্তিত্বহীন দেশৰ পৰা অহা বুলি দাবী কৰিছিল আৰু পিছত ৰহস্যজনকভাৱে অদৃশ্য হৈ গৈছিল।একাংশৰ মতে এয়া AI-দ্বাৰা সৃষ্ট এটা ভুৱা ভিডিঅ’।ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত, ফেক্ট-চেকাৰসকলে নিশ্চিত কৰিছে যে এই ভিডিঅ’টো AI দ্বাৰা সৃষ্টি কৰা আৰু জেএফকে বিমানবন্দৰত এনে কোনো যাত্ৰী বা ঘটনা ঘটাৰ ৰেকৰ্ড নাই।গতিকে এই ভিডিঅ’ই বৰ্তমান ছ’চিয়েল মিডিয়াত সৰ্বত্ৰে লাভ কৰিছে চৰ্চা।

Category