
সোমবাৰে পুৱতি নিশা ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে সমুদ্ৰত পৰিল এখন কাৰ্গো বিমান। দুৰ্ঘটনাগ্ৰস্ত বিমানখন ডুবাইৰ পৰা আহি থকা অৱস্থাত হংকঙত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
উল্লেখ্য যে, সোমবাৰে হংকং আন্তৰ্জাতিক বিমানবন্দৰত পুৱতি নিশা প্ৰায় ৩.৫০ বজাত অৱতৰণৰ কথা আছিল ডুবাইৰ পৰা যোৱা এমিৰেটছ এয়াৰলাইনছৰ কাৰ্গো বিমানখন। বিমানখনত পাইলটসহ চাৰিজন বিমানকৰ্মী আছিল।।
কিন্তু পুৱতি নিশা বতৰ প্ৰতিকূল আছিল আৰু প্ৰতিকুল বতৰৰ বাৰে বিমানখন ৰানৱে’ত পিছলি যায় আৰু বিমানখনে নিয়ন্ত্ৰণ হেৰুৱায় । ফলত বিমানবন্দৰত ৰৈ থকা এখন গাড়ীৰ সৈতে বিমানখনৰ সংঘৰ্ষ হয় আৰু গাড়ীখনৰ সৈতেই বিমানখন সমুদ্ৰত পৰে।
এই দুৰ্ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে বিমানখনত থকা চাৰিগৰাকী ক্ৰু মেম্বাৰক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।
বিমানবন্দৰ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, দুৰ্ঘটনাৰ ফলত এছিয়াৰ অন্যতম ব্যস্ততম হংকং বিমানবন্দৰৰ উত্তৰ ৰানৱে’ বন্ধ কৰি দিয়া হৈছে, য’ত বিমানখন ৰানৱে’ৰ পৰা চিটিকি পৰিছিল। অৱশ্যে বিমানবন্দৰটোৰ আন দুটা ৰানৱে’ত বিমানৰ উৰণ-অৱতৰণ অব্যাহত আছে।
হংকং আৰক্ষীয়ে জনাই যে, নিহতসকলৰ মাজত এজন বিমানকৰ্মী আছিল। আনজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত আছে।
এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত বয়িং ৭৪৭ কাৰ্গো বিমানখনৰ এটা অংশ বিমানবন্দৰৰ কাষতে সাগৰত ডুব যোৱা দেখা গৈছে। জৰুৰীকালীন দুৱাৰখন খোলা আছিল, বিমানখনৰ পিছৰ আৰু সন্মুখৰ অংশ ভাঙি পৃথক হৈ পৰিছিল।
- Log in to post comments