#JusticeForZubeenGarg প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত ডিজিটেল প্ৰতিবাদ; কেতিয়ালৈ পাব প্ৰাণৰ শিল্পী গৰাকী ন্যায়?

Zubeen Garg

অসমৰ প্ৰাণৰ শিল্পী বিহীন এমাহ। ৩০দিন পাৰ কৰিলে অনুৰাগী সকলে।

১৯ ছেপ্টেম্বৰ, শুকুৰবাৰ।হঠাতে আহিছিল এক অনকাংশিত খবৰ।কোনেও কাহানিও নভবা এটা খবৰ। যি খবৰে সকলো স্তব্ধ কৰি পেলাইছিল।। মুহূৰ্তত ৰূপ সলাইছিল প্ৰকৃতিয়ে। ১৯ ছেপ্টেম্বৰৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো। ‘‘জুবিন গাৰ্গ আৰু নাই’’…

ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ সাগৰ তলিতে চিৰদিনৰ বাবে শুই পৰিল অসমৰ প্ৰাণ।অসমে হেৰালে সুৰ-সংগীত, সম্পদ আৰু জুবিন নামৰ এটা সত্বা।

আজি এমাহ সম্পূৰ্ণ হ’ল যদিও।আজিও অসমবাসীয়ে মানিব ল’ব পৰা নাই সকলোৰে প্ৰাণৰ শিল্পীগৰাকী যে নাই।কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰিয় গায়কগৰাকীৰ মৃত্যুৰ এমাহৰ পাছতো শিল্পগৰাকীৰ ন্যায় বিচাৰি খাবলগীয়া হৈছে হাবাথুৰি

প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত সামাজিক মাধ্যমতো আৰম্ভ কৰা হৈছিল ডিজিটেল প্ৰতিবাদ৷ জনতাৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়া অসমৰ প্ৰথমটো তথা অদ্বিতীয় ডিজিটেল প্ৰতিবাদত পৰিণত হৈছে ।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত চলা ডিজিটেল প্ৰতিবাদে স্পৰ্শ কৰিলে ২ নিযুত । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ২নিযুত অসমীয়া বিচাৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় । যি প্ৰতিবাদ বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠিত হ’ল সৰ্ববৃহৎ আন্দোলন হিচাপে । ইয়াৰ পূৰ্বে কোনেও হয়তো এই আন্দোলন এতিয়ালৈকে দেখা নাই ।

অসমবাসীয়ে নিজৰ ফেচবুক প্ৰফাইলৰ লগতে ভাৰত প্ৰধানমন্ত্ৰী, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীকে আদিকে ধৰি বহু ৰাজনৈতিক নেতাৰ পোষ্টৰ কমেণ্ট কৰি বিচাৰিলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় । অসমবাসীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ লগতে পৰিয়ালবৰ্গইও সামাজিক মাধ্যমত কৰিছিল প্ৰতিবাদ।

ইফালে, আৰক্ষীয়ে ৰাইজৰ হেঁচাত পৰি প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ লগত নাম সাঙোৰ খোৱা কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও আজি পৰ্যন্ত ঘটনাস্থলীলৈ যাব পৰা নাই তদন্তকাৰী আৰক্ষী । আনহাতে SIT ৰ জেৰাৰ অন্ততঃ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটাইকেইগৰাকী অভিযুক্তক ।

Category