
উৎসৱৰ বতৰৰ সময়তে ৰে’ল কৰ্মচাৰীৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে ৰে’ল কৰ্মচাৰীৰ বাবে দিলে ভাল খবৰ। বুধবাৰে কেবিনেট বৈঠক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় ৰে’লৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ কৰ্মচাৰীসকলে ৭৮ দিনৰ বোনাছ লাভ কৰিব। এই সিদ্ধান্ত জৰিয়তে উপকৃত হ’ব ভাৰতৰ লাখ লাখ কৰ্মচাৰী । খবৰ অনুসৰি দেশৰ প্ৰায় ১১.৫ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই ধন। বোনাছৰ ধনৰাশি পোনপটীয়াকৈ কৰ্মচাৰীৰ একাউণ্টত জমা কৰা হ’ব। ট্ৰেক মেইণ্টাৰ, ল’ক’ পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেনেকে ধৰি অন্যান্য গ্ৰুপ ‘চি’ৰ কৰ্মচাৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰেলৱে কৰ্মচাৰীক এই বোনাছ প্ৰদান কৰা হ’ব।
- Log in to post comments