উত্তপ্ত হৈছে যোৰাবাট;যোৰাবাটৰ পৰাই ঘূৰাই পঠালে মেঘালয়ৰ টেক্সি

Assam-Meghalaya

উত্তপ্ত হৈছে যোৰাবাট। যোৰাবাটৰ পৰাই ঘূৰাই পঠালে মেঘালয়ৰ টেক্সি। অসমৰ টেক্সি চালকৰ উত্তাল প্ৰতিবাদত স্তব্ধ হৈ পৰিছে যাতায়াত। মেঘালয় পৰ্যটন ক্ষেত্ৰ দৰ্শনত অসমৰ টেক্সিচালকক বাধা প্ৰদানক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত মেঘালয়ৰ টেক্সিচালক সন্থাই অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলী ভ্ৰমণত বাধা দিছিল। অসমৰ একাংশ টেক্সিচালকক দুৰ্ব্যৱহাৰ কৰি ওভতাই পঠিয়াইছিল শ্বিলঙৰ পৰা। ইয়াৰ প্ৰতিবাদত অসমৰ টেক্সিচালক সন্থাই বৃহস্পতিবাৰে পুৱাৰে পৰা মেঘালয়ৰ টেক্সি অসমত প্ৰৱেশত বাধা আৰোপ কৰে। যোৰাবাটৰ পৰাই ঘূৰাই পঠিয়াই মেঘালয়ৰ টেক্সি।

মেঘালয়ৰ মন্ত্ৰী, কনভয়ৰ বাহন প্ৰৱেশতো বাধা প্ৰদান কৰে অসমৰ টেক্সি চালকে। ঘটনাস্থলীত অসম আৰু মেঘালয়ৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা। প্ৰতিবাদৰ ফলত যোৰাবাটত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ।

Category