বিধায়ক অখিল গগৈক সকীয়নি আটাছুৰ

Akhil Gogoi

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ।

শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্বতৰ নেতা অখিল গগৈয়ে জনগোষ্ঠীয় সংগঠনে ধন লৈ আন্দোলন কৰাৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ। ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি চাও মনোজ গগৈয়ে বিধায়ক অখিল গগৈক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সংগ্রামখনক শ’লঠেকত পেলোৱাৰ চক্ৰান্ত ৰচনা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। লগতে অত বছৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ ওপৰত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা কৃষক মুক্তি সংগ্রাম সমিতিক এই সংগ্রাম হাইজেক নকৰিবলৈ সকীয়াই দিয়ে।

Category