
বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ বতৰে লৈছে সংহাৰী ৰূপ। ৰাজ্যৰ কেইবাখনো।জিলাত হৈছে মুষলধাৰ বৰষুণ।।
ৰাজ্যৰ প্ৰতিকূল বতৰৰ বাবে জনসাধাৰণলৈ অসম চৰকাৰৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ বিশেষ প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ অনুৰোধ জনাইছে অসম চৰকাৰে। জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই আহ্বান জনাইছে চৰকাৰে।
চৰকাৰে আহ্বান জনাইছে যে অনুগ্ৰহ কৰি চৰকাৰৰ অনুৰোধ মানি নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰাখক।
অনাগত ২-৩ দিন ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে প্ৰশাসনে। বান, ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ সতৰ্কবাণী জাৰি কৰিছে ASDMAএ। পৰাপক্ষত দীঘলীয়া যাত্ৰা পৰিহাৰ কৰাৰ লগত ঘৰত অত্যাৱশ্যকীয় সামগ্ৰী মজুত ৰাখিবলৈ প্ৰশাসনে আহ্বান জনাইছে।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে জৰুৰীকালীন নম্বৰ। বিপদত পৰিলে ফোন কৰিব 0361-1070 নম্বৰত আৰু জৰুৰীকালীন নম্বৰ 0361-1079, 0361-112 প্ৰকাশ কৰিছে প্ৰশাসনে।
- Log in to post comments