নৈত উটি আহিল বাণ্ডিলে বাণ্ডিলে ৫০০ টকাৰ নোট

Nalbari News

নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ নৈত উটি আহিল বাণ্ডিলে বাণ্ডিলে টকা।নৈৰ পানীত ভাহি আহিল ৫০০ টকাৰ নোটৰ। বাণ্ডিলনৈত টকাৰ উজান উঠাত স্থানীয় লোকৰ মাজত টকা বুটলিবলৈ লাগিল হাহাকাৰ।মুকালমুৱাৰ চৰাঞ্চলত উদ্ধাৰ কৰা হ’ল ৫০০ টকাৰ নোটৰ সেই বৃহৎ পৰিমাণৰ ধন।

জানিব পৰা মতে, শিয়ালমাৰী চৰৰ নৈত টকাৰ বাণ্ডিল পলিথিনত ভাহি আহি থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় যুৱক এজনে।পলিথিনৰ ভিতৰত এনেদৰে টকাৰ বাণ্ডিল দেখি সন্দেহ হোৱাত স্থানীয় লোকে শিয়ালমাৰী চৰ আৰক্ষীক খবৰ দিয়ে।তাৰপিছত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ জানিব পাৰিলে যে সেয়া আচল নহয়, সেইবোৰ আছিল ৫০০ টকাৰ নকল নোটঅৱশেষত আৰক্ষীয়ে নকল নোটৰ বাণ্ডিলকেইটা উদ্ধাৰ কৰে।কিন্তু ক’ৰ পৰা কেনেকৈ আহিল অৰু কোনে উটুৱাই দিছিল সেই নকল ৫০০ টকাৰ বাণ্ডিল, সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত।

Category