আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৯ তম তিৰোভাৱ তিথি,হৰিনাম ধ্বনিৰে মুখৰিত ৰাজ্য

Mahapurush Madhavdev of 529th Tirubhav Tithi

আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৯ তম তিৰোভাৱ তিথি ৷ আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নামঘৰ, সত্ৰৰ মহা আয়োজন কৰা হৈছে তিৰোভাৱ তিথি।(Tithi of Sri Sri Madhab Dev)।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এতিয়া অসমৰ সত্ৰ, নামঘৰসমূহ ।

অতি দুখময় আৰু কষ্টকৰ জীৱন পাৰ কৰা মহাপুৰুষ মাধৱদেৱে এসময়ত পেটৰ তাড়নাত ভিক্ষা বৃত্তিও গ্ৰহণ কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ গুৰুসেৱা আছিল নিস্বাৰ্থ, অক্লান্ত,। ত্যাগৰ মহিমাৰে উদ্ভাসিত হৈ গুৰুজনাৰ ছত্ৰ-ছায়াতে জিৰাই মানৱ-সেৱাৰ অৰ্থে গোটেই জীৱন একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে উছৰ্গা কৰিছিল মহাপুৰুষ মাধৱদেৱে(Mahapurush Madhavdev of 529th Tirubhav Tithi)।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ ৷ অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, কবি, নাট্যকাৰ শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা ৷ মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰা গুৰুজনাৰ অপূৰ্ব সৃষ্টি আছিল ‘নামঘোষা’ আৰু ‘ভক্তিৰত্নাৱলী’। সাহিত্য-সংস্কৃতিৰ পূজাৰী মাধৱদেৱৰ জীৱনৰ অপূৰ্ব সৃষ্টি হ’ল-নামঘোষা। নামঘোষাত এহেজাৰটা ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ জীৱন কালত একাধিক বৰগীত, ভটিমা, ঝুমুৰা আদি ৰচনা কৰিছিল। তেওঁ জীৱনকালত সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছিল।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি বিশেষকৈ শ্ৰীকৃষ্ণৰ বাৎসল্য লীলা, কংস বধ আদিৰ কীৰ্তন কৰা হয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱত কৃষ্ণৰ বাল্য লীলা চৰিত্ৰৰ ৰাস মহোৎসৱৰ কীৰ্তন কৰা হয় ।

১৪৮৯ চনত জন্ম লাভ কৰা শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কোনো অসমীয়াকেই কাহানিও পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নহ’ব । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান । শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো । শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ ।শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল । ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ । ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষজনাৰ অমৰ সৃষ্টি নামঘোষা ।

Category