
ৰাজ্যত নিষিদ্ধ কৰা হৈছে গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী । আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱৰ পাছতে এই সিদ্ধান্ত প্ৰশাসনৰ
ৰাজ্যৰ ধেমাজি দিলাৰ প্ৰশাসনৰে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ধেমাজিত ছোৱাইন ফ্লু’ৰ প্ৰাদূৰ্ভৱ দেখা গৈছে৷ ধেমাজিৰ গোহাঁই গাঁও আৰু নলনিপামত বহু গাহৰি দেহত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি৷
এনে পৰিস্থিতিত ধেমাজি জিলা প্ৰশাসনে গাহৰি বেচা-কিনাত নিষেধাজ্ঞা জাৰি কৰিছে।
ছোৱাইন ফ্লুত অৱস্থিতি ধৰা পৰা অঞ্চলৰ ১০ কিলোমিটাৰ ভিতৰত এলেকাত গাহৰি বেচা-কিনাৰ লগতে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে প্রশাসনে।
নতুন অঞ্চললৈ যাতে ছোৱাইন ফ্লু’ ৰোগ সংক্ৰমণ হ’ব নোৱাৰে সেই বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাই জাৰি কৰিছে এই নিৰ্দেশনা।
- Log in to post comments