বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বহু মূল্যবান সামগ্ৰী।

Massive fire breaks out

বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত বহু মূল্যবান সামগ্ৰী।

মৰিগাঁও মৰিমুছলমান গাঁৱত‌ সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

মঙলবাৰে নিশা মৰিমুছলমান গাঁৱৰ মেহফিলৰ ওচৰত ভাড়াতীয়া হিচাপে বাস কৰা মৰজিনা বেগমৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।

বৰ্তমান সময়লৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ ফলত বহু মূল্যবান সা-সামগ্ৰী লগতে প্ৰায় ৩০ হাজাৰ টকা জুইত ভস্মীভূত হয়।

এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

ঘটনা ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়।

Category