ৰহস্যভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-পুত্ৰৰ

samuguri incident

এক শিহৰণকাৰী ঘটনা। ৰহস্যভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-পুত্ৰৰ। শোৱাপাটীতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে বীনা সিং আৰু তেওঁৰ ১২বছৰীয়া পুত্ৰ সাগৰ বীনা সিঙে। চামগুৰিৰ ১নং চিমনাবস্তিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

জানিব পৰা মতে, বৃহস্পতিবাৰে কৰম পূজা চাবলৈ গৈছিল বীনা সিঙৰ ১৭ বছৰীয়া কন্যাই। কৰম পূজা চাই ঘৰলৈ উভতি আহি ঘৰটো জ্বলি থকা অৱস্থাত দেখা পায় কন্যাই। লগে লগে ওচৰৰ মানুহক কন্যাই খবৰ দিয়ে যদিও কোনো লোক জুই নিৰ্বাপণ কৰিবলৈ আগবাঢ়ি নাহিল। তাৰ পাছতে নিশাই ওচৰেৰে ভিনিহিয়েক খবৰ দিয়ে কন্যাই কিন্তু ভিনিহিয়েও নিশা আগবাঢ়ি নাহিল।

এই ঘটনাক হত্যাকাণ্ড বুলি অভিহিত কৰিছে স্থানীয় লোকে। কোনে দুৰ্বৃত্তই মাতৃ-পুত্ৰক অগ্নিসংযোগ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকৰ।

Category