উন্মক্ত নলাত পৰি মৃত্যু কণমানি দেৱশিশুৰ

Guwahati Incident

মৰনফান্দত পৰিণত হৈছে গুৱাহাটীৰ উন্মুক্ত নলা। পুনৰ উন্মক্ত নলাত পৰি মৃত্যু কণমানি দেৱশিশুৰ। CCTVত বন্দী কণমানিটিৰ নলাত পৰি যোৱাৰ দৃশ্য।

মহানগৰীৰ কালাপাহাৰৰ নিৰ্মীয়মাণ উৰণসেতুৰ সমীপত নীলাচল নগৰৰ চাইকেল ফেক্টৰীত উন্মুক্ত নলাত পৰি মৃত্যু ৩ বছৰীয়া দেৱশিশুটিৰ।মৃত শিশুটি নাম সুমিত কুমাৰ। বুধবাৰে বিয়লি সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

উল্লেখ্য যে, গুৱাহাটী অন্যতম দীৰ্ঘতম উৰণ সেতু নিৰ্মাণ হৈ থকাৰ আজাদ ৰোডৰ পথৰ মাজতো সৃষ্টি হৈছে প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত। পথৰ দুয়োকাষে থকা নলাসমূহত নাই শ্লেব। একপ্ৰকাৰ মৰনফান্দত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ নলাসমূহ।

এতিয়া প্ৰশ্ন হয় কাৰ ভূলৰ বাবে অকালতে হেৰাই গ’ল এটি ফুলকুমলীয়া সপোন। কাৰ ভুলৰ বাবে সংঘটিত হল এই ভয়ংকৰ ঘটনাটো।

Category