প্ৰথমে তৰ্কাতৰ্কি তাৰ পিছত ছুৰিৰে আক্ৰমণ...

guwahati news

মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা।

এজন লোকৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন লোক।

ভুক্তভোগী লোকজন কামাখ্যা নাৰ্চাৰীৰ প্ৰণৱ দাস।

ঘটনা সংঘটিত কৰা লোকজন ভূতনাথৰ সংগ্ৰাম শ্ৰীবাস্তৱ বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, গাড়ী ধুই থকা প্ৰণৱ দাসৰ সৈতে প্ৰথমে সংগ্ৰাম শ্ৰীবাস্তৱৰ হৈছিল তৰ্কাতৰ্কি।পৰৱৰ্তী সময়ত সংগ্ৰাম শ্ৰীবাস্তৱে এখন চোকা ছুৰীৰে প্ৰণৱ দাসক আক্ৰমণ কৰে। আক্ৰমণত পেটত আঘাতপ্ৰাপ্ত হয় লোকজন।

লগে লগে স্থানীয় ৰাইজৰ সহযোগত লোকজনক GMCHলৈ প্ৰেৰণ কৰা হয়।

ইফালে এই ঘটনা সংঘটিত কৰা লোকজনক ৰাইজে কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়ে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত জালুকবাৰী আৰক্ষীয়ে।

Category