হস্ত নিৰ্মীত পিষ্টলসহ আটক পিতা-পুত্ৰক

 Dhubripolice

পিষ্টলসহ আটক পিতা-পুত্ৰক। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ সফলতা। মঙলবাৰে পুৱতি নিশা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত চলা এক অভিযানত পিষ্টলসহ আটক পিতা-পুত্ৰক।

এক গোপন সূত্ৰৰ আধাৰত আৰক্ষীৰ এটি দলে হালাকুৰাৰ সোনাখুলি প্ৰথম খণ্ডৰ হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ বাসগৃহত চলাইছিল অভিযান। অভিযানত হামিদ আলীৰ বাসগৃহৰ পৰা হস্ত নিৰ্মীত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে গোলকগঞ্জ আৰক্ষীয়ে হামিদ আলী (৬৪) ওৰফে ধুল্লা নামৰ ব্যক্তিজনৰ পুত্ৰ মজনু আলী (৩০) ওৰফে চাঞ্চেক আটক কৰি থানালৈ আনে।

সম্প্রতি গোলকগঞ্জ আৰক্ষীয়ে আটকাধীন দুয়োজনক সোধপোচ অব্যাহত ৰাখিছে।

Category