ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লৈ গ’ল বাহনখনসহ মূল্যবান সামগ্ৰী

sivsagar thief

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী৷

বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰিকাণ্ডৰ ঘটনা৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে মবাইল ফোন, কেতিয়াবা আকৌ গৈ থকা অৱস্থাতেই ডিঙিৰ পৰা চিলনী চোৰে কাঢ়ি লৈ গৈছে সোণৰ চেইন৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে৷

পুনৰ ৰাজ্যত চুৰিকাণ্ড। এইবাৰ শিৱসাগৰৰ দৰিকাপাৰ ১ নং উপপথত সংঘটিত হৈছে চুৰিকাণ্ড। দৰিকাপাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূষণ দত্তৰ ঘৰত চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লৈ গ’ল AS 04 U 7411 নম্বৰৰ এখন CRETA বাহনসহ বিভিন্ন মূল্যবান সামগ্ৰী।

জানিব পৰা মতে, ভূষণ দত্তসহ পৰিয়ালবৰ্গ চিকিৎসাজনিত কাৰণত গুৱাহাটীলৈ আহিছিল।সেই সময়তে ঘৰত চলাই চোৰে তাণ্ডৱ।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক জনাই আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ ঘৰত ভিতৰত কোনো প্ৰৱেশ কৰা নাই।

ঘৰৰ দৰ্জৰ তলা ভাঙি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

Category