
এক শোকাৱহ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল পিতা-পুত্ৰৰ। মৰাণৰ গছপুৰীয়াত চাৰিলেনযুক্ত পথত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা।
মঙলবাৰে চাৰিলেনযুক্ত পথত Hyundai Exter SUV বাহন আৰু এখন বলেৰ’ পিক-আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত থিতাতে নিহত হয় পিতা-পুত্ৰৰ। নিহত মৰাণৰ পানীতোলাৰ বৰবিল গাঁৱৰ নিবাসী পিতা খগেন বৰুৱা (৪৫) আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৪)।
জানিব পৰা মতে, মঙলবাৰে পুৱা পুত্ৰ যুগল কিশোৰ বৰুৱাক মৰাণৰ চেণ্ট যোজেফ স্কুলত থ’বলৈ গৈছিল পিতৃ খগেন বৰুৱাই। অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল পুত্ৰ যুগল কিশোৰ বৰুৱা।সেই সময়তে মৰাণৰ গছপুৰীয়াত চাৰিলেনযুক্ত পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিক-আপ বাহনখনে সুৰা কঢ়িয়াই আনিছিল।
ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সুৰা কঢ়িয়াই অনা বলেৰ’ পিক-আপ বাহনখনৰ চালকজনক আটক কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, মৃত খগেন বৰুৱা খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভেকচিনেটৰ হিচাপে কৰ্মৰত আছিল।
- Log in to post comments