নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

taking bribe

ৰাজ্যত প্ৰতিদিনে উৎকোচ লৈ হাত দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত। নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

ৰাজ্যত পুনৰ উৎকোচ লোৱাৰ অভিযোগ এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে. মাটিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ বিচৰাৰ অভিযোগ কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে।

জমাবন্দীৰ নকল প্ৰতিলিপি দিয়াৰ নামত তিনি হাজাৰ টকা উৎকোচ বিচৰাৰ অভিযোগ. নগাঁৱৰ কপিষ্ট মঞ্জুৰাণী ডেকাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। নগাঁও মহাফেজখানাৰ কৰ্মচাৰী মঞ্জুৰাণী ডেকা।

কেৱল এয়াই নহয় পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য.কেমেৰাত বন্দী হয় ভিডিঅ' ফুটেজত। মহিলা কৰ্মচাৰীগৰাকীয়ে উৎকোচৰ ধনৰ ভাগ কৰ্মচাৰীসকলৰ মাজত বাটোৱাৰা কৰাৰ কথা উল্লেখ কৰে।

মুকলিকৈ এগৰাকী কৰ্মচাৰীয়ে উৎকোচ বিচৰাৰ ভিডিঅ' পোহৰলৈ অহাত স্থানীয় ৰাইজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ. ।নিজৰ নাম প্ৰকাশত অনিচ্ছুক ভুক্তভোগীয়ে বিষয়টোৰ তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ।

এই ঘটনাই মহাফেজখানাৰ ভিতৰত চলি থকা দুৰ্নীতিৰ এখন বজাৰৰ তথ্য পোহৰলৈ আনিছে।

Category