ভাৰতত মুকলি হ'বলৈ গৈ আছে প্ৰথমখন হাইড্ৰ'জেনচালিত ট্ৰেইন

India’s first Hydrogen train clears key trials ahead of launch

শীঘ্ৰে আনুষ্ঠানিকভাৱে ভাৰতত মুকলি হ’বলৈ গৈ আছে প্ৰথমখন হাইড্ৰ’জেনচালিত ট্ৰেইন। শেহতীয়াকৈ এই ট্ৰেইনখনৰ সম্পূৰ্ণ হৈছে পৰীক্ষণ।

ৰে’ল মন্ত্ৰালয়ে পাহাৰীয়া পথত “হাইড্ৰজেন ফৰ হেৰিটেজ”ৰ অধীনত ৩৫খন হাইড্ৰ’জেন চালিত ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে। মঙলবাৰে ৰে’ল মন্ত্ৰী অশ্ৱিনী বৈষ্ণৱে সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী অশ্ৱিনী বৈষ্ণৱৰ এই কথা প্ৰকাশ কৰাৰ পাছতেই উৎকণ্ঠিত হৈ উঠিছে দেশবাসী।

দেশৰ ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আটাইতকৈ গুৰুত্ৱপূৰ্ণ দিশটো হৈছে, ৰে’ল নিৰ্মাণৰ বাবে লগা যাৱতীয় প্ৰযুক্তিসমূহ ভাৰততে যাতে নিজেই নিৰ্মাণ কৰি ল’ব পাৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু এই নিৰ্মাণৰ কামসমূহ কৰি আছে Research Design and Standards Organisation (RDSO)য়ে।

১২০০ হৰ্ছ পাৱাৰৰ শক্তিশালী ইঞ্জিন, লগতে, ২৬০০ গৰাকী যাত্ৰী কঢ়িয়াব পৰা এই ৰে’লখনৰ দৈৰ্ঘ্যৰ প্ৰতি লক্ষ্য ৰাখি, এইখন পৃথিৱীৰ আটাইতকৈ শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল হ’ব বুলি প্ৰকাশ কৰিছে ৰে’লৱে মন্ত্ৰণালয়ে।

হাৰিয়ানাৰ, জিন্দৰ পৰা সোনীপটলৈ যোৱা ৰে’লপথত প্ৰথমবাৰলৈ চলিব দেশৰ প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল। দেশৰ একমাত্ৰ হাইড্ৰ’জেন চালিত ৰে’লখন চলিবৰ বাবে সম্প্ৰতি সাজু হৈ আছে ৰে’লপথটো।

ভাৰতৰ ৰে’লৱে বিভাগৰ হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণৰ উদ্দেশ্য ছিমলা-কলকা ৰে’লপথৰ লগতে দাৰ্জিলিং আৰু উটিৰ আদি সংবেদনশীল আৰু দৃষ্টিনন্দন অঞ্চলৰ ৰে’ল পথসমূহত কাৰ্বনমুক্ত ৰে’ল চলাচল আৰম্ভ কৰা।

শুকুৰবাৰে আইচিএফৰ জেনেৰেল মেনেজাৰ ইউ চুব্বা ৰাৱে কয় যে বহু প্ৰত্যাশিত হাইড্ৰজেন ট্ৰেইনছেটৰ পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ হৈছে।

ৰিচাৰ্চ, ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনে (আৰ ডি এছ অ’) বিকশিত কৰা ভাৰতৰ হাইড্ৰজেন চালিত ইঞ্জিন বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী হ’ব। প্ৰায়বোৰ ৰাষ্ট্ৰই ৫০০ৰ পৰা ৬০০ হৰ্চপাৱাৰ (HP) ক্ষমতাৰ হাইড্ৰজেন ৰেল নিৰ্মাণ কৰিছে যদিও ভাৰতে ১২০০ হৰ্চপাৱাৰ (HP) ক্ষমতাৰ ইঞ্জিন নিৰ্মাণ কৰি এক অগ্ৰগতি লাভ কৰিছে।

Category