সলনি হ'ল মহানগৰীৰ যান-বাহন আৰক্ষীৰ পোছাক

Traffic Police

সলনি হ'ল মহানগৰীৰ যান-বাহন আৰক্ষীৰ পোছাক। পুনৰ বগা পোছাক পৰিধান কৰিলে মহানগৰীৰ আৰক্ষীয়ে।

১৬আগষ্টৰে পৰা সলনি হ'ল যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম। ৰাজ্যজুৰি যান-বাহন আৰক্ষীৰ একক পৰিচয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্বৰ শুভ্ৰ পোছাক ইউনিফৰ্ম হিচাপে বাহাল কৰাৰ সিদ্ধান্ত।

ক্ষেত্ৰভিত্তিক পৰিস্থিতি, পথ সুৰক্ষা বিশেষজ্ঞ, জনসাধাৰণকে ধৰি বিভিন্ন সচেতন মহলৰ পৰা পোৱা পৰামৰ্শ আৰু মতামতৰ এক বিস্তৃত পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

Category