
নিমখ অবিহনে পাকঘৰৰ বন্ধনকার্য সম্পূর্ণ নহয়।সকলোধৰণৰ ৰন্ধনতে নিমখৰ প্ৰয়োজন হয়েই। বজাৰত সাধাৰণতে বগা।নিমখ উভৈনদী আৰু ইয়াৰ চাহিদাও বেছি। কিন্তু বগা নিমখৰ উপৰিও ক'লা,গুলপীয়া, টেবুল, কোশাৰ, স্মোকড, পাছলেকে ধৰি ৮ বিধ নিমখ পোৱা যায়। এইবোৰৰ ভিতৰত প্ৰতিবিধৰে গুণাগুণ আৰু কাৰ্যকাৰিতা বেলেগ বেলেগ। ইয়াৰ ভিতৰত কোনবিধ নিমখ আটাইতকৈ বেছি উপকাৰী জানো আহক।
টেবুল নিমখ: টেবুল নিমখ হ'ল সহজলভ্য আৰু আটাইতকৈ বৈছি ব্যবহৃত। অনেক প্রক্রিয়াৰ মাজেৰে ইয়াক প্রস্তুত কৰা হয়। আজিকালি বজাৰত যিবিলাক টেবুল নিমখ পোৱা যায় তাৰ অধিকাংশই আয়ডিনযুক্ত নিমখ। যি থাইৰডৰ দৰে সমস্যা থাকিলে নিৰাময় কৰাত সহায় কৰে। আয়ডিন শিশুৰ কাৰণে উপযোগী আৰু মস্তিষ্কৰ বৃদ্ধিৰ কাৰণেও উপকাৰী বুলি জনা যায়। অৱশ্যে এই নিমখ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ'ব।
ক'লা নিমখঃ ই এবিধ হিমালয়ৰ নিমখ। যাক সাধাৰণ ভাষাত ক'লা নিমখ বুলি কোৱা হয়। এই ধৰণৰ নিমখ তৈয়াৰ কৰোতে অনেক ধৰণৰ মছলা, বীজ আৰু গছৰ ছাল ব্যৱহাৰ কৰা হয়। ক'লা নিমখ তৈয়াৰ কৰোতে জুই ব্যৱহাৰ কৰা হয়। যাৰ বাবে ই ক'লা ৰং পায়। ক'লা নিমখ পেটফুলা, কোষ্ঠকাঠিন্য, এচিডিটিৰ দৰে সমস্যাসমূহত ঔষধ হিচাপে ব্যৱহাৰ হয়।
গুলপীয়া নিমখঃ গুলপীয়া নিমখ হিমালয়ৰ কোনো কোনো অংশত খনন কৰিলে পোৱা যায়। এইবিধ নিমখ আটাইতকৈবিশুদ্ধ আৰু শ্রেষ্ঠ হিচাপে বিবেচিত। ই আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। এইবিধ গুলপীয়া নিমখত ৮৪টা প্রয়োজনীয় খনিজ পদার্থ পোৱা যায়। এইবিধ নিমখক খাদ্য তালিকাত অন্তর্ভুক্ত কৰিলে বহু শাৰীৰিক সমস্যা সুৰক্ষিত হৈ থাকে। গুলপীয়া নিমখে তেজৰ শৰ্কৰাৰ মাত্রা নিয়ন্ত্রণ ৰাখে। এইবিধ নিমখ ব্যৱহাৰ কৰি
ৰন্ধাবঢ়া কৰিলে বেছ সুফল পোৱা যায়।
- Log in to post comments