১৫ বিদ্যালয়ৰ স্বীকৃতি বাতিল ASSEBৰ...

ASSEB

১৫ বিদ্যালয়ৰ স্বীকৃতি বাতিল ASSEBৰ
সময়ৰ পূৰ্বে গণিতৰ প্ৰশ্নৰ টোপোলা খোলাৰ অভিযোগত এই সিদ্ধান্ত
তদন্ত নোহোৱা পৰ্যন্ত শিক্ষানুষ্ঠানকেইখনৰ স্বীকৃতি বাতিল 
নতুন শিক্ষাবৰ্ষত নামভৰ্তিতো নিষেধাজ্ঞা ASSEBৰ
স্বীকৃতি বাতিল কামৰূপ (মঃ)ৰ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ
বৰপেটাৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়ৰো বাতিল স্বীকৃতি
বজালী একাডেমী অৱ এক্সিলেন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰো বাতিল স্বীকৃতি 
কাছাৰৰ ইডিথ ড’গলাছ HS স্কুল, ৰেচিডেন্সী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্বীকৃতি বাতিল
ধেমাজিৰ NCD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, সু-বিদ্যা REM HS স্কুলৰ স্বীকৃতি বাতিল
স্বীকৃতি বাতিল ধেমাজিৰ পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰো
হাইলাকান্দি ছায়েন্স ছিনিয়ৰ স্কুলৰ স্বীকৃতি বাতিল
স্বীকৃতি বাতিল লখিমপুৰৰ বাঘমৰা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰো
মাজুলীৰ বিৱেকানন্দ বিদ্যালয়ৰো বাতিল স্বীকৃতি
নগাঁৱৰ বগৰীগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্বীকৃতি বাতিল
তালিকাত নগাঁৱৰ আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, SAS ইণ্টাৰনেচনেল মডেল স্কুলো
নলবাৰীৰ এম্বিছিয়াছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলো স্বীকৃতি বাতিলৰ তালিকাত
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ টোপোলা খোলাৰ বাবে এই পদক্ষেপ
সকলো বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে নিৰ্দেশ ASSEBৰ

Category