আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ৰেখা গুপ্তাই....

rekha gupta

আজি দিল্লী চৰকাৰৰ শপতগ্ৰহণ
মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ৰেখা গুপ্তাই
ৰামলীলা ময়দানত শপতগ্ৰহণ অনুষ্ঠান
উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰভেছ বাৰ্মাই
বিধানসভাৰ অধ্যক্ষৰূপে শপত ল’ব বিজেন্দ্ৰ গুপ্তাই

মন্ত্ৰীৰূপে শপত ল’ব কপিল মিশ্ৰ, আশিষ সুড
পংকজ কুমাৰ সিং, ৰবীন্দ্ৰৰ সিং নেগীয়ে ল’ব শপত
মন্ত্ৰীৰূপে শপত ল’ব মজিন্দৰ সিং চিৰ্চায়ো
অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
উপস্থিত থাকিব NDAৰ ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীও

বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত। কেন্দ্ৰীয় নেতৃত্বই বৈঠকৰ সিদ্ধান্তত লগালে মোহৰ। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ১১ দিন পিছত বুধবাৰে সন্ধিয়া ৭ বজাত চূড়ান্ত হয় মুখ্যমন্ত্ৰীৰ নাম। তিনি ঘণ্টা ধৰি চলে বিজেপিৰ বিধায়িনী দলৰ বৈঠক।

বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ নামক লৈও চৰ্চা। শীৰ্ষ নেতৃত্বই এতিয়াও ঘোষণা কৰা নাই উপ-মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ নাম। বৃহস্পতিবাৰে দিনৰ ১২.৩৫ বজাত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ৰেখা গুপ্তাই।

Category