আজি হ'ব বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয় এই দিনটোত কি কাম কৰিলে শুভফল লাভ কৰিব সেই বিষয়ে জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই -
আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এই বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয়। আজি ২০২৫ বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয় ৷ এই অমাৱস্যাৰ তিথি ২৮ জানুৱাৰীৰ সন্ধিয়া ৭.৩৫ মিনিটৰ পৰা আৰম্ভ হৈ ২৯ জানুৱাৰী সন্ধিয়া ৬.০৫ মিনিটলৈ থাকিব ৷ এই সময়খিনিত আপুনি কেইটামান সৰু উপায় কৰি ভাল ফলাফল লাভ কৰিব পাৰে ৷
সেই উপায় কেইটা হৈছে-
১)মৌনী শব্দৰ অৰ্থ হৈছে নীৰৱতা ৷ সেয়ে এই দিনটোত আপুনি যিমান পাৰে সিমান নীৰৱতা অৱলম্বন কৰিব পাৰে অৰ্থাৎ কথা নকোৱাকৈ যিমান ধ্যান কৰিব পাৰে আপোনাৰ বাবে ভাল হ'ব ৷
২)বৰ্তমান সময়ত যিহেতু মহাকুম্ভ মেলা চলি আছে ৷ সেয়ে মৌনী অমাৱস্যাৰ পুৱা অৰ্থাৎ ২৯ জানুৱাৰীত তাত স্নান কৰিব পাৰিলে ভাল ৷ তাত যদি স্নান কৰিব নোৱাৰে তেন্তে ২৯ জানুৱাৰীৰ পুৱা যিমান পাৰে সোনকালে উঠি আপোনাৰ গা ধোৱা পানী গংগাজল, তিল, আৰু চাউল মিহলাই যদি গা ধুব পাৰিলে ভাল ফল লাভ কৰিব পাৰিব ৷
৩) লগতে ঘৰৰ মন্দিৰ বা শিৱ মন্দিৰত গৈ শিৱলিংগত যদি পানী বা গাখীৰ ঢালিব পাৰে তেতিয়াও আপুনি ভাল ফল ভাল কৰিব ৷
৪) অমাৱস্যাৰ দিনা পানীৰ লগত গংগাজল, হালধি আৰু কুমকুম মিহলি কৰি আঁহত গছৰ তলত ঢালি তাত ৫টা বগা মিঠাই দি পিতৃ তৰ্পণ কৰিব পাৰে ৷ এনে কৰিলে আপোনাৰ পিতৃ পুৰুষৰ বাবে বহুত বেছি ভাল ৷ লগতে তাত ঘিউৰ চাকি জ্বলাই আঁহত গছডাল ৭বাৰ প্ৰদক্ষিণ কৰিব পাৰে ৷
৫) দুখীয়া মানুহক দান দিব পাৰিলেও ভাল ফলাফল লাভ কৰিব ৷
৬)মৌনী অমাৱস্যাৰ দিনটোত যিকোনো মন্দিৰত শৰাই দিব পাৰে ৷ লগতে গৰু, কুকুৰ, আৰু পৰুৱাক খাদ্য দান কৰিব পাৰে ৷ পৰুৱাক খাদ্য দিলে সম্পৰ্ক ভাল হয় লগতে বিত্তীয় উন্মতি হয় ৷
- Log in to post comments