বিগত ১২ ঘণ্টাত মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ দুগৰাকীকৈ যুৱতীৰ মৃতদেহ। তৰুণ নগৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছত ৰুক্মিণী নগৰত উদ্ধাৰ হ’ল বিপ্লৱী নাথ নামৰ আন এগৰাকী যুৱতীৰ মৃতদেহ।
গোৱালপাৰাৰ বিপ্লৱী ৰুক্মিণী গাঁৱত ভাড়াতীয়া হিচাপে আছিল। ৩ মাহ পূৰ্বে ভাড়াঘৰটোলৈ আহিছিল যুৱতীগৰাকী। বৰ্তমানেও পোহৰলৈ অহা নাই মৃত্যুৰ আঁৰৰ কাৰণ। কমেও ৩ দিনৰ পূৰ্বে বিপ্লৱীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। লেকমিত কৰ্মৰত আছিল বিপ্লৱী।
উল্লেখ্য যে দুবছৰ পূৰ্বে বিপ্লৱীক এটা চক্ৰই অপহৰণ কৰি বিক্ৰী কৰিছিল হাৰিয়ানাত। নিজৰ উপাৰ্জন পৰ্যাপ্ত নোহোৱাৰ বাবে বিপ্লৱীয়ে পৰিয়ালৰ পৰা লৈছিল আৰ্থিক সহায়।
আনহাতে, মহানগৰীৰ তৰুণ নগৰত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল প্ৰতীক্ষা শৰ্মা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। চি*প লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো। বৰ্তমানেও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। মেধাৱী ছাত্ৰী প্ৰতীক্ষা আছিল দৰং কলেজৰ টপাৰ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী লাভ কৰা প্ৰতীক্ষাই পাইছিল ৰাষ্ট্ৰপতিৰ মেডেলো। সম্প্ৰতি ডালমিয়া কোম্পানীত কৰ্মৰত আছিল তিনিচুকীয়াৰ যুৱতী প্ৰতীক্ষা শৰ্মা। প্ৰতীক্ষাক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ তুলিছে পৰিয়ালে।
এজন যুৱকৰ সৈতে প্ৰতীক্ষাৰ আছিল প্ৰেমৰ সম্পৰ্ক। শেহতীয়াকৈ যুৱকজনে আন এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ অভিযোগ।
- Log in to post comments