বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড। চুৰিকাণ্ডত চোৰে লুটি লৈ গ’ল মন্দিৰৰ মূল বিগ্ৰহ।
উল্লেখ্য যে, শিমলুগুৰি ৰে’ল জংচনত শিৱমূৰ্তিৰ সৈতে এজন ব্যক্তিক আটক কৰে শিমলুগুৰি ৰে’ল আৰক্ষীয়ে। শিমলুগুৰি ৰে’ল আৰক্ষীয়ে আটক কৰা ব্যক্তিজনৰ নাম আৰিফ আলি বুলি জানিব পৰা গৈছে। শিমলুগুৰি ৰে’ল আৰক্ষীয়ে ৰেলৱে জংচনতে শিৱ মূৰ্তি আৰু আ-অলংকাৰসহ আটক কৰে চোৰটোক।
ধৃত আৰিফ আলি ঘৰ তিতাবৰত।বুলি জানিব পৰা গৈছে। আনহাতে, আৰিফৰ সহযোগী আন এটা চোৰ বৰ্তমানেও পলাতক। পলাতক চোৰক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান। বিগ্ৰহ উদ্ধাৰৰ পিছতে আৱেগিক পৰিৱেশ। চুৰি মূৰ্তি উদ্ধাৰৰ পিছতে উচুপি উঠিল শিখা মজিন্দাৰ
উল্লেখ্য নাজিৰাৰ অগ্নিনাভ মন্দিৰ ডিজিটেল মন্দিৰ হিচাপেও চৰ্চিত। সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত মন্দিৰ কৰ্তৃপক্ষ।
- Log in to post comments