'মৰম এনেকুৱাই', মৃত পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ প্ৰশান্তই গঢ়ালে প্ৰতিমূৰ্তি....

odisha

মৃত্যু হোৱা পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ ব্যৱসায়ী প্ৰশান্তই গঢ়ালে প্ৰতিমূৰ্তি

বেৰহামপুৰৰ জগাবন্ধু ষ্ট্ৰীটত থকা ৫২ বছৰীয়া প্ৰশান্ত নায়কৰ পত্নী কিৰণ, হালধীয়া শাৰী, গহণা পিন্ধি সদায় বহি থাকে ঘৰৰ ড্ৰয়িং ৰুমত । কিন্তু কিয়?

উল্লেখ্য যে, ২০২১ চনত Covid-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশান্ত নায়কৰ পত্নী কিৰণ । এতিয়া পতি প্ৰশান্ত নায়কে পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁৰ পত্নীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে। এই মূৰ্তিৰ বাবে ৮ লাখ টকা খৰচ কৰিছে ব্যৱসায়ী প্ৰশান্ত নায়কে।

odisha

১৯৯৭ চনত প্ৰশান্তই কিৰণৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০২১ চনৰ ২৫ এপ্ৰিলত কিৰণৰ মৃত্যুৰ কেইদিনমান পিছতে তেওঁৰ সন্তানে যাতে মাতৃৰ অনুপস্থিতি অনুভৱ নকৰে তাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে।

বেংগালুৰুৰ এজন ভাস্কৰ্য শিল্পীয়ে কিৰণৰ ফটোখন স্কেন কৰি মূৰ্তিটো প্ৰস্তুত কৰিলে।

ভাস্কৰ্য শিল্পীগৰাকীয়ে আঁহ, ৰবৰ আৰু চিলিকন ব্যৱহাৰ কৰি প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ এবছৰতকৈও অধিক সময় লাগিছিল। বেংগালুৰুৰ পৰা বেৰহামপুৰলৈ যাতায়তৰ খৰচকে ধৰি প্ৰায় ৮ লাখ টকা খৰচ হয় প্ৰতিমূৰ্তিটোত।

Category