মাত্ৰ ২২ বছৰ বয়সতে ২০০০ কোটি টকাৰ মালিক বিশাল ফুকন। মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছে বিশাল ফুকনক। বিশাল ফুকনৰ গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান মহানগৰ আৰক্ষীৰ। কিন্তু বৰ্তমানো পলাতক চুমি, সন্ধান নাই চুমি বৰাৰ।
গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা।কিন্তু উদ্ধাৰ কৰা হৈছিল এটা আইফোন। জানিব পৰা মতে, বৰ্তমান চুমী বৰাৰ ম’বাইল ফোন চুইছ অফ হৈ আছে। সম্পৰ্কীয় ভাতৃ বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে চুমী বৰাই পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। লগতে, ডিব্ৰুগড়ৰ বাণীপুৰৰ চুমি বৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান।
জানিব পৰা মতে, বিশাল ফুকনৰ সৈতে এজেঞ্চিৰূপে কাম কৰিছিল চুমি বৰাই। চুমি বৰাৰ যোগেদি বহু বিনিয়োগকাৰীয়ে ধন বিনিয়োগ কৰিছিল বিশাল ফুকনৰ তাত।
উল্লেখযোগ্য যে অভিনেত্ৰী চুমি বৰাৰ সৈতে নিবিড় সম্পৰ্ক আছে বিশাল ফুকনৰ। অভিযোগ অনুসৰি, চুমিৰ বৰাৰ ৰাজস্থানত পতা ডেষ্টিনেচন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল বিশাল ফুকনে। ডুবাইত লাখ লাখ টকাৰে বিলাসী হোটেল বুক কৰি দিছিল বিশাল ফুকনেই। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চুমী বৰাৰ ডেষ্টিনেচন ৱেডিঙত ১ কোটিৰো অধিক টকা খৰচ কৰিছিল বিশাল ফুকনে।
- Log in to post comments