সম্প্ৰতি সকলোতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এগৰাকী মহিলা। মটৰ চাইকেল কিম্বা আন কোনো সাধাৰণ চাৰিচকীয়া বাহন নহয়, ডাম্পাৰ চলাই এক ব্যতিক্ৰমী জীৱনশৈলীৰে জিলিকিবলৈ সক্ষম হৈছে বাক্সাৰ বিনীতা বড়োৱে।
বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সুৱণখাটাৰ বিনীতা বড়োৱে বিগত দুবছৰ ডাম্পাৰ চলাই আহিছে। নিজৰ স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে বিনীতাই বাচি লয় এই কামটো।
'পুৰুষে পাৰিলে মহিলা কিয় নোৱাৰিব' বুলি মনোভাৱ প্ৰকাশ কৰে বিনীতা বড়োৱে। সম্প্ৰতি নলবাৰী, পাঠশালাৰ লগতে বাক্সাৰ বিভিন্ন স্থানলৈ ডাম্পাৰেৰে শিল, বালি লৈ যায়। দুই পুত্ৰ সন্তানৰ মাতৃ এইগৰাকী বিনীতা বড়ো।
প্ৰথমে ডাম্পাৰ ভাড়াত লৈছিল যদিও পাচত নিজাকৈ কিনি এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। মহিলাসকল পুৰুষতকৈ কোনো গুণেই যে কম নহয়, তাৰ এক জীৱন্ত উদাহৰণ হৈছে বাক্সাৰ বিনীতা বড়ো। গতিকে, ডাম্পাৰ চালকৰ ৰূপত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিনীতা বড়ো।
- Log in to post comments