আজি শ্রীকৃষ্ণৰ জন্মাষ্টমী! শ্ৰীকৃষ্ণ আৰু সংখ্যা ৮ ৰ কি সম্পৰ্ক আছে? জানো আহক....

krishna

হিন্দু ধৰ্মৰ অন্যতম আৰু আটাইতকৈ জনপ্ৰিয়, পূজিত উপাস্য দেৱতাজনেই হ’ল ভগৱান শ্ৰীকৃষ্ণ৷ প্ৰেম, দয়া, কৰুণা, ভক্তি আৰু শেষ আশ্ৰয়ৰ নিৰাপত্তা তেওঁ৷ পূৰ্ণতা আৰু অনন্ত প্ৰজ্ঞাৰ দেৱতা তেওঁ৷ ৰহস্যময়স্মিত হাঁহিৰে আমাৰ বাবে বুজা-নুবুজা, পোৱা-নোপোৱাৰ সংগমস্থলত ৰৈ থকা এজন পূৰ্ণাঙ্গ পুৰুষ৷ 

শ্ৰীকৃষ্ণৰ অনন্ত লীলাৰ সতে আছে সংখ্যা ৮ ৰ এক অভিনৱ সংযোগ৷ সংখ্যা বিজ্ঞান (Numerology) ৰ মতে ৮ সংখ্যাটোৱে ভাৰসমতা, সন্তুলন, শক্তি আৰু প্ৰাচুৰ্য্যক সূচায় ৷ ই বিজয় আৰু সমৃদ্ধিকো প্ৰতিনিধিত্ব কৰে৷ 

শ্ৰীকৃষ্ণ আৰু সংখ্যা ৮ ৰ কি সম্পৰ্ক আছে? জানো আহক — 

১. শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত — অষ্টম দিন — গ্ৰীগৰীয়ান কেলেণ্ডাৰৰ মতেও অষ্টম মাহ৷

২. শ্ৰীকৃষ্ণ আছিল ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ৷

৩. তেওঁ আছিল বাসুদেৱ- দৈৱকীৰ অষ্টম সন্তান৷

৪. জন্মাষ্টমীত আঠবিধ মিঠাইৰ ভোগ দিয়া হয়৷ 

৫. শ্ৰীকৃষ্ণৰ মুখ্যতঃ আঠ গৰাকী প্ৰিয় সখী আছিল৷ তেওঁলোক ক্ৰমে — ললিতা, বিশাখা, চিত্ৰলেখা, চম্পকলতা, তু্ঙ্গবিদ্যা, ইন্দুলেখা, ৰঙ্গদেৱী আৰু সুদেৱী৷

৬. শ্ৰীকৃষ্ণৰ আঠ গৰাকী পত্নী আছিল৷ তেওঁলোকক একেলগে অষ্টভাৰ্য্যা বোলা হয়৷ তেওঁলোক ক্ৰমে — ৰুক্মিণী, সত্যভামা, জাম্বৱতী, নগ্নাজিতি, কালিন্দী, মিত্ৰবিন্দা, ভদ্ৰা আৰু লক্ষ্মণা৷ 

৭. শ্ৰীকৃষ্ণৰ আয়ুস আছিল ১২৫ (১+২+৫=৮) বছৰ৷

সংখ্যা বিজ্ঞানৰ মতে ই’ৰাজী ৮ সংখ্যাটোৱে অনন্ত চিহ্নটোকে সূচায়৷ পাৰ্থ অৰ্জুনৰ সন্মুখত দেখা দিয়া অনন্ত চেতনাৰে পৰিপূৰ্ণ শ্ৰীকৃষ্ণৰ বিশ্বৰূপেই হ’ল ভাগৱত গীতাৰ মূল সাৰ কথা৷ বিশ্বৰূপ দেখাৰ পাছত অৰ্জুনে কৈছিল —" শ্ৰীকৃষ্ণৰ জ্যোতিৰ সমুখত যদি লক্ষ লক্ষ সূৰ্য্যও লগ লগাই দিয়া, সেয়াও নিষ্প্ৰভ দেখা যাব৷ মই কোনো আদি বা অন্ত দেখা নাপালো৷" তেওঁৰ বিশ্বৰূপ চাবলৈ শ্ৰীকৃষ্ণই অৰ্জুনক দিব্য দৃষ্টি দিছিল৷ কিন্তু সেই ৰূপ অৰ্জুনে সহ্য কৰিব নোৱাৰিলে৷ ভয়ত কঁপি উঠিল তেওঁ৷ সেয়ে হাত যোৰ কৰি শ্ৰীকৃষ্ণক পুনৰ আগৰ ৰূপলৈ ঘূৰি আহিবলৈ  কাতৰ অনুৰোধ জনালে অৰ্জুনে ৷

এয়াই হ’ল অনাদি অনন্ত জগত চেতনাৰ মানৱী ৰূপ৷ শ্ৰীকৃষ্ণৰ অনন্ত লীলা আৰু কৃষ্ণ প্ৰেমৰ আধ্যাত্মিক গাঁথা৷ আমাৰ বিশ্বাস আৰু ভক্তি ৰসৰ বোৱতী নিজৰা৷ 

আজি জন্মাষ্টমী, কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য, হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত আকাশ-বতাহ, নাম-প্ৰসংগৰে উদ্ভাসিত ৰাজ্যৰ সত্ৰ-নামঘৰ।

Category