ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিস্ফোৰক তথ্য! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ, কিন্তু কিয়?......

GMCH

পোহৰলৈ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিস্ফোৰক তথ্য। ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ খালী বহু পদ। সহকাৰী-সহযোগী অধ্যাপক, পঞ্জীয়কৰ পদত্যাগৰ জোৱাৰ।

উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসকৰ পদত্যাগ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩ গৰাকী চিকিৎসকৰ পদত্যাগ। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১ গৰাকী চিকিৎসকৰ পদত্যাগ। পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো। 

অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে। GMCH আৰু AMCHৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ। ধুবুৰীৰ পেথলজী, GMCHৰ ৰেডিঅ'লজী আৰু AMCHৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ।

আনহাতে, ২০১৮ৰ পৰা ৬৪ সহকাৰী-সহযোগী অধ্যাপক, পঞ্জীয়কৰ পদত্যাগ। ৬৪ গৰাকীৰ ভিতৰত মাত্ৰ ৩ গৰাকীৰহে পদত্যাগ পত্ৰ গ্ৰহণ। ২০২১ত পদত্যাগ ১২ গৰাকী সহযোগী অধ্যাপক, পঞ্জীয়কৰ। ২০২২ত পদত্যাগ ১৫ গৰাকী সহযোগী অধ্যাপক, পঞ্জীয়কৰ।

এই তথ্যই পোহৰলৈ আনিছে চৰকাৰী চাকৰিৰ প্ৰতি মোহভংগ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক আৰু চিকিৎসক আৰু অন্য কৰ্মচাৰীসকলৰ।


 

Category