দ্যা হিন্দু গ্ৰুপৰ পৰা পেৰিছ অলিম্পিকলৈ ফটো সাংবাদিক হিচাপে নিৰ্বাচিত অসমৰ ঋতুৰাজ কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন.....

assam

বিশিষ্ট ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন
পেৰিছ অলিম্পিক ২০২৪ৰ ফটো সাংবাদিক হিচাপে নিৰ্বাচিত অসমৰ জ্যেষ্ঠ ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰ
পেৰিছ অলিম্পিক ২০২৪ৰ বাবে উত্তৰ-পূবৰ পৰা নিৰ্বাচিত একমাত্ৰ ফটো সাংবাদিক হ’ব তেঁও 
এবছৰীয়া প্ৰস্তুতিৰ অন্তত দ্য হিন্দু গ্ৰুপে নিৰ্বাচিত কৰিছে ফটো সাংবাদিকগৰাকীক
ইতিমধ্যে পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈ সকলৰো সান্নিধ্য লাভ কৰিছে তেওঁ 
ঋতুৰাজ কোঁৱৰক লৈ যথেষ্ট আশাবাদী অসম ফটো সাংবাদিক সংস্থা 
গুৱাহাটী প্ৰেছ ক্লাবত অসম ফটো সাংবাদিক সংস্থাই বিশেষভাৱে সন্মানিত কৰিলে ফটো সাংবাদিকগৰাকীক 
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত জিলা পৰিবহণ বিষয়া গৌতম দাস, প্ৰথম খবৰৰ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰুৱা, অনুপম নাথ, শুভময় ভট্টাচাৰ্যকে ধৰি বহু জ্যেষ্ঠ ফটো সাংবাদিক

Category