ধেমাজিত ভূ-মাফিয়াৰ কৱলত এহাল ৭৫ উৰ্দ্ধৰ বৃদ্ধ দম্পতি, কিহৰ বাবে অত্যাচাৰ চলালে এই দম্পতি হালক?.....

DHEMAJI

ধেমাজিত ভূ-মাফিয়াৰ কৱলত বৃদ্ধ দম্পতী
ভূ-মাফিয়াই বৃদ্ধ দম্পতিৰ মাটি দখলৰ অভিযোগ
আৰক্ষী-প্ৰশাসনৰ পৰা সহায় নাপাই দিশহাৰা দম্পতী
নিজকে DC বুলি পৰিচয় দি ভূ-মাফিয়াই দখল কৰিলে ভূমি
মাটি দখলৰ বাবে বৃদ্ধ দম্পতিক অত্যাচাৰ চলোৱাৰ অভিযোগ

ৰাজহ চক্ৰৰ লাট মণ্ডল গোলাপ বৰপাত্ৰ গোঁহাইৰ সৈতে ভূ-মাফিয়াই মিতিৰালিৰে মাটি দখলৰ ষড়যন্ত্ৰ অভিযোগ।
ধেমাজি মৰিধল লক্ষীপথাৰ মেলেকী গাঁৱৰ কুল ৰাজখোৱাৰ ৬ বিঘা মাটি দখলৰ বাবে ভূ-মাফিয়া লৈ ষড়যন্ত্ৰত নামিছে শিক্ষয়ত্ৰী মনিমালা দাস। ঘটনাৰ সৈতে জড়িত ভূ-মাফিয়া কেইজন ক্ৰমে বিপুল বৰুৱা ওৰফে বগামূলা আৰু ভাইজান দত্ত।

ভূ-মাফিয়া লৈ বৃদ্ধ দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰা বিৰুদ্ধে ২০ জুনতেই ধেমাজি সদৰ থানাত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা। এটা জৰাজীৰ্ণ বাসগৃহত দিনে–নিশাই নিৰাপত্তাহীনতাত কম্পিত ৭৫ উৰ্দ্ধৰ বৃদ্ধ দম্পতি। ধেমাজি জিলা প্ৰসাশনৰ প্ৰতি আস্থা হেৰুৱাই অসহায় দম্পতিয়ে বিচাৰিছে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায়।

Category