মদ্যপানৰ ভয়ংকৰ পৰিণতি! চলিত বৰ্ষত মদ্যপান কৰি বিশ্বজুৰি মৃত্যু ৩০ লাখৰো অধিক লোক.....

Alcohol

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, মদ্যপান আসক্তিৰ নিচাৰ বাবেই প্ৰতিবছৰে ৩০ লাখৰো অধিক লোকৰ মৃত্যু হয়। কোনো কোনো বছৰত মৃতকৰ সংখ্যা হ্ৰাস পাইছে যদিও যোৱা কেইবছৰমানৰ পৰা মৃতকৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে ৰাষ্ট্ৰসংঘৰ মদ্যপানৰ স্বাস্থ্য প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বজুৰি প্ৰত্যেক বছৰে ২০জন লোকৰ ভিতৰত এজন লোক মদ্যপান কৰাৰ বাবেই মৃত্যুৰ মুখত পৰে। অত্যাধিক মদ্যপানৰ ফলত শৰীৰৰ অসুস্থতাৰ লগতে হিংসা, গুণ্ডাগিৰি, দুৰ্ঘটনা, অপকৰ্ম আদিৰ সংখ্যাও বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।

২০১৯ চনত মদ্যপানৰ ফলত ২৬লাখ লোকৰ মৃত্যু হয়, আৰু এতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি হয় প্ৰায় ৩০ লাখৰ ওচৰ চাপিছে। প্ৰতিবেদন অনুসৰি এই সংখ্যাৰ অধিকাংশই পুৰুষ।

লগতে, মদ্যপানৰ ক্ষেত্ৰত ইউৰোপ বিশ্বৰ আগশাৰীত। কিন্তু আচৰিত কথাটো হ'ল উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য, এছিয়াৰ দেশসমূহত মদ্যপানৰ হাৰ অতি কম।

Category