আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস! এইবাৰৰ বিষয়বস্তু "আত্মা আৰু সমাজৰ বাবে যোগ"......

yoga day

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস! সমগ্ৰ বিশ্বজুৰি যোগ দিৱসৰ পালন কৰা হৈছে। এইবাৰৰ বিষয়বস্তু "আত্মা আৰু সমাজৰ বাবে যোগ"। প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। 

উল্লেখ্য যে, প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন, ২০১৫ চনত পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। দৰাচলতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৭ ছেপ্টেম্বৰ, ২০১৪ চনত যোগ দিৱসৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ পিছত ১৭৭ খন দেশে ২১ জুন,২০১৫ চনত ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

লগতে, এইবাৰ শ্ৰীনগৰত কেন্দ্ৰীয় চৰকাৰৰ যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ডাল লেকৰ পাৰত যোগদিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী, মুখ্য অতিথিৰূপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। একেলগে ৭ সহস্ৰাধিকে কৰিলে যোগাসন।

ৰাজ্যৰো সকলো জিলাতে যোগ দিৱসৰ চৰকাৰী কাৰ্যসূচী। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ অনুষ্ঠানত ৰাজ্যপাল। তেজপুৰৰ চাৰ্জফিল্ডৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। তিনিচুকীয়াত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ।


 

Category