বিষাক্ত সুৰা সেৱন কৰি ২৯ জনৰ মৃত্যু, অসুস্থ ৬৮জনকৈ লোক চিকিৎসাধীন.......

alochaol

তামিলনাডুৰ কল্লাকুৰুচি জিলাত সংঘটিত এক আচৰিত ঘটনা। বিষাক্ত সুৰা সেৱন কৰি ২৯ জনৰ মৃত্যু, লগতে বিষাক্ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ আছিল ৬৮ জনকৈ লোক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

অবৈধ সুৰা বিক্ৰী কৰা কে গোবিন্দৰাজ নামৰ এজন লোকক আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে লগতে তেওঁৰ পৰা জব্দ কৰা হৈছে ২০০ লিটাৰৰো অধিক অবৈধ সুৰা। এই সুৰাৰ নমুনা পৰীক্ষা কৰাত পোহৰলৈ আহিছে যে ইয়াত আছিল ঘাতক মিথানল।

জানিব পৰা মতে, বুধবাৰে নিশা কল্লাকুৰিচী আৰু কাষৰীয়া অঞ্চলৰ একাংশ লোকে পাণ কৰিছিল সুৰা। ঘৰলৈ ওভতাৰ পিছতে সুৰাপান কৰা অধিকাংশ লোকেই মূৰ ঘূৰণি, মূৰৰ বিষ, বমি, পেটৰ বিষ আদিত আক্ৰান্ত হয়। লগে লগে পৰিয়ালৰ লোকে তেওঁলোকক চহৰখনৰ ব্যক্তিগত আৰু কল্লাকুৰিচী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়, যদিও তাতে ১০ জন লোকৰ মৃত্যু হয়।

কল্লাকুৰিচী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকে জানিবলৈ দিয়া মতে বিষাক্ত সুৰা সেৱন কৰি ২৯ জনৰ মৃত্যু হোৱাৰ লগতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

Category