“ৰক্তদান মহান দান”, আজি বিশ্ব ৰক্তদাতা দিৱস! বিশ্ব ৰক্তদাতা দিৱস কিয় পালন কৰা হয়?....

World Blood Donor Day

১৪ জূনৰ দিনটো সমগ্র বিশ্বতে প্ৰতি বছৰে ৰক্তাদাতা দিৱস ৰূপে পালন কৰা হয়। ১৮৬৮ চনৰ ১৪ জূনত জন্ম লাভ কৰা কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়।

২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে সূৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু অবৈতনিক ৰূপত স্বেচ্ছাকৃতভাৱে শাৰৰিীকভাৱে সবল ব্যক্তিৰ দ্বাৰা ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই দিৱসত ৰক্তদাতাসকলে অভাৱগ্ৰস্তলোকক ৰক্তদান কৰি জীৱন দান দি এক মূখ্য ভূমিকা পালন কৰে |

আৰ্ন্তৰাষ্ট্রীয় স্বাস্থ্য সেৱা সংগঠন ৰেড ক্ৰছ আৰু ৰেড ক্ৰেছেন্ট সমাজে ২০০৪ চনৰ ১৪ জূনৰ দিনা এই দিৱস প্ৰথবাৰৰ বাবে পালন কৰিছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে।

বিশ্ব ৰক্তদাতা দিৱস কিয় পালন কৰা হয়?

বিশ্ব ৰক্তদাতা দিৱস উদযাপনৰ দ্বাৰা ৰক্তৰ প্রয়োজন হোৱা বিশ্বৰ যিকোনো ব্যক্তিলৈ ৰক্ত সৰবৰাহ আৰু ৰক্তজাত দ্ৰব্যৰ সৰবৰাহৰ প্রয়োজনীয়তা পৰিপূৰ্ণ কৰা হয়। এই প্রচেষ্টাৰ দ্বাৰা প্ৰতি বছৰে দহ মিলিয়নতকৈ অধিকলোকৰ জীৱন ৰক্ষা কৰা হয় আৰু ৰক্ত লাভ কৰা ব্যক্তি গৰাকীৰ মূখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।

ৰক্ত সৰবৰাহৰ দ্বাৰা বিভিন্ন জীৱনৰ প্ৰতি হানিকাৰক স্বাস্থ্যৰ পৰিস্থিতিত ভূগি থকা ৰোগীক সহায় কৰা হয় আৰু তেওঁলোকক এক দীৰ্ঘ আৰু উন্নত জীৱনযাপন কৰিবলৈ উদ্দীপনা যোগাই। সমগ্র বিশ্বজূৰি বিৰাজমান বিভিন্ন চিকিৎসা আৰু শল্য চিকিৎসাৰ সমস্যাসমূহ ইয়াৰ দ্বাৰা সমাধানো কৰিব পৰা গৈছে। মহিলাৰ সন্তান প্ৰসৱ হোৱাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ত এই প্রচেষ্টাই বিশেষ জীৱন দায়িনী ভূমিকা পালন কৰিছে।
 

Category