স্মৰণ ১২ জুন! গণশিল্পী তথা বিহু সম্ৰাট খগেণ মহন্তৰ আজি মৃত্যু-বাৰ্ষিকী.....

khagen mahanta

২০১৪ চনৰ আজিৰ দিনটোতে সকলোৰে পৰা বিদায় মাগি উভতি নহা পথেৰে গুছি গৈছিল বিহু সম্ৰাট তথা গণশিল্পী খগেন মহন্ত। বিহু বুলি ক'লেই সকলোৰে মনত অহা প্ৰথম নামটোৱে হৈছে খগেন দা। অসমৰ ইমূৰৰ পৰাল সিমূৰলৈ খগেন দাৰ বিহুসুৰীয়া গীতৰ আছে এক নষ্টালজিক স্মৃতি।

গণশিল্পী খগেন মহন্তৰ শিল্পীসত্তা চহা-থলুৱা কলা-কৃষ্টি-সংস্কৃতিৰে জীপাল আছিল। তেওঁ আছিল মাটিৰ মানুহ। তেওঁৰ গানত অসমৰ মাটিৰ গোন্ধ আছে। অসমীয়া থলুৱা পৰম্পৰাগত কলা-কৃষ্টি-সংস্কৃতিক বিশ্ব-দৰবাৰত চিনাকী দিয়াত খগেনদাৰ আছে প্ৰণিধানযোগ্য অৱদান।

অসমৰ বিহু সম্ৰাট নামেৰে পৰিচিত গণশিল্পী খগেন মহন্তৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ অধিকাৰ হৰেন্দ্রনাথ মহন্তৰ গৃহত। সৰু কালৰে পৰাই তেওঁৰ ঘৰখনত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ আছিল। 

মাত্ৰ পোন্ধৰ বছৰ বয়সতে প্ৰাৰম্ভিক পৰ্যায়তে সংগীতৰ মনোমোহা জগতখনলৈ আহিছিল। তেওঁৰ বিহুগীত, বৰগীত আদি লোকগীত অসমীয়া সমাজৰ বাবে চিৰ সেউজীয়া। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা হয়। 

তেখেতে ১৯৭৩ চনত ‘মাটিৰ স্বর্গ’ ছবিখনৰ মোহময়ী অভিনেত্রী তথা অসমীয়া লোকগায়িকা অর্চনা দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অসমীয়া সংগীত-ক্ষেত্ৰখনত অসমবাসীৰ মাজত খগেন মহন্ত-অৰ্চনা মহন্তৰ যুটি এক আদর্শ শিল্পী দম্পতি। পত্নীসহ তেওঁ ৰাজ্যজুৰি আৰু বাহিৰত মঞ্চত বিহুগীত জনপ্ৰিয় কৰি তোলাৰ বাবে সুপৰিচিত আছিল।

এই শিল্পীগৰাকীয়ে ২০১৪ চনৰ ১২ জুনত আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি চিৰবিদায় লৈছিল।‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘বহাগৰ কুঁহিপাত’ আদি সুৱদিসুৰীয়া গীতবো্ৰ সকলোৰো প্রিয়। অসমৰ সুৱদী সুৰীয়া বিহুগীতসমূহক জনগণৰ মনত প্রৱাহিত কৰি দিছিল, তেৱেঁই আছিল অসমীয়া লোকসংগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত। 

অসমৰ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা, মানুহৰ মুখে-মুখে বাগৰি অহা, কেঁচা মাটিৰ সুবাস সনা, থলুৱা সুৰৰ সংমিশ্রণৰে সমৃদ্ধ লোকসংগীতক গণশিল্পী খগেন মহন্তই বিশ্বদৰবাৰলৈ লৈ গৈছিল। প্রকৃতার্থতে, অসমীয়া লোকসংগীতৰ সুৰ-শব্দ-সংগীতক বিশুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত খগেন মহন্তৰ অৱদান চিৰস্মৰণীয়।

Category