আমেৰিকাত অৰ্জন যুৱ উদ্যমীৰ খিতাপ! নতুন মোদী মন্ত্ৰীসভাৰ সবাতোকৈ ধনী সদস্য, কোন তেওঁ? জানো আহক.....

Dr Chandra Sekhar Pemmasani

এইবাৰৰ সবাতোকৈ ধনী সাংসদ, আমেৰিকাত অৰ্জন কৰিছিল যুৱ উদ্যমীৰ খিতাপ। এইবাৰৰ তথা অষ্টাদশ লোকসভাৰ সবাতোকৈ ধনী সাংসদ হৈছে অন্ধ্ৰপ্ৰদেশৰ ডাঃ চন্দ্ৰশেখৰ পেম্মাছানি। ডাঃ চন্দ্ৰশেখৰ পেম্মাছানিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত। সদ্যসমাপ্ত লোকসভা নির্বাচনত এন চন্দ্রবাবু নাইডু নেতৃত্বাধীন তেলুগু দেশম পার্টি (টিডিপি)ৰ প্রার্থীৰূপে ডাঃ পেম্মাছানি অন্ধ্রপ্রদেশৰ গুন্টুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। 

৯ জুন তাৰিখে শপতগ্রহণ কৰা মোদী মন্ত্রীসভাৰ অন্যতম সদস্যৰূপে ডাঃ পেম্মাছানিয়েও শপত গ্রহণ কৰে।। ৫,৭০০ কোটি টকাৰ বিশাল সম্পত্তিৰ গৰাকী ডাঃ পেম্মাছানিয়ে এইবাৰ লোকসভা নিৰ্বাচনত অন্ধ্রপ্রদেশৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রী জগনমোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰ কংগ্ৰেছৰ প্রার্থী ভেংকটা ৰোছায়াক তিনি লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে, এছ'চিয়েছন অৱ ডেম'ক্রেটিক ৰিফৰ্মছ (এডিআৰ) নামৰ সংগঠনটোৰ মতে, এইবাৰৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা সমগ্ৰ দেশৰ মুঠ ৮,৩৬০ গৰাকীৰ প্ৰাৰ্থীৰ মাজতো সবাতোকৈ সম্পদশালী হৈছে ডাঃ পেম্মাছানি। যুৱ উদ্যমীৰূপে আমেৰিকাতো খ্যাতি অর্জন কৰিছে ডাঃ পেম্মাছানিয়ে। নতুন মোদী মন্ত্রীসভাত স্থান লাভ কৰা ডাঃ পেম্মাছানি এজন খ্যাতিসম্পন্ন উদ্যমীও।

Category