জনাদেশ কাৰ পক্ষত! কি হ’ব নিৰ্বাচনী ফলাফল?....

Election

জনাদেশ কাৰ পক্ষত! কি হ’ব নিৰ্বাচনী ফলাফল?

গভীৰ উৎকণ্ঠাত ১৪০ কোটি জনতা। প্ৰকাশ পাব নিৰ্বাচনী মহাৰণৰ ফলাফল। ইতিমধ্যেই আৰম্ভ ৫৪২ সমষ্টিৰ ভোটগণনা। 

মহাৰণ-২০২৪ৰ ভোটযুদ্ধত ৮,৩৩৭ প্ৰাৰ্থী। ভোটযুদ্ধত বিজেপিৰ ৪৪১ প্ৰাৰ্থী, কংগ্ৰেছৰ এককভাৱে ৩২৮ সমষ্টিত প্ৰাৰ্থিত্ব, ভোটযুদ্ধত আঞ্চলিক দলৰ মাত্ৰ ৬ শতাংশ প্ৰাৰ্থী, ৪৭ শতাংশ প্ৰাৰ্থীৰ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা। ৭টা পৰ্যায়ত অনুষ্ঠিত হৈছিল ২০২৪ৰ নিৰ্বাচন।

উল্লেখ্য যে, ১৯ এপ্ৰিলত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১৯ এপ্ৰিলত ভোটদানৰ হাৰ ৬৬.১ শতাংশ, ২য় পৰ্যায়ত ৬৬.৭ শতাংশ, ৩য় পৰ্যায়ত ৬১ শতাংশ, ৪ৰ্থ পৰ্যায়ত ৬৭.৩ শতাংশ, ৫ম পৰ্যায়ত ৬০.৫ শতাংশ, ৬ষ্ঠ পৰ্যায়ত ৬৩.৪ শতাংশ, ৭ম পৰ্যায়ত ৬২ শতাংশ। 

মুঠ ৬৬ কোটি ২ লাখ ভোটাৰৰ ভোটদান। দেশৰ ৩১ কোটি ২ লাখ মহিলা ভোটাৰৰ ভোটদান। সৰ্বাধিক ৪৮৮ আসনত প্ৰতিদ্বন্দ্বিতা BSPৰ। বিজেপিৰ ৪৪১ আসনত প্ৰতিদ্বন্দ্বিতা। ৩২৮ আসনত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ
CPI(M)ৰ ৫২ সমষ্টিত প্ৰতিদ্বন্দ্বিতা। আম আদমী পাৰ্টীৰ ২২খন আসনত প্ৰাৰ্থিত্ব।

সমাজবাদী পাৰ্টীৰ ৭১খন আসনত প্ৰাৰ্থিত্ব, ৪৮ সমষ্টিত প্ৰাৰ্থী দিছে TMCএ, AIADMKৰ ৩৬খন আসনত প্ৰতিদ্বন্দ্বিতা, CPIৰ ৩০খন আসনত প্ৰাৰ্থিত্ব, YSRCPৰ ২৫খন আসনত প্ৰতিদ্বন্দ্বিতা, RJD ২৪খন আসনত প্ৰতিদ্বন্দ্বিতা, DMKৰ ২২খন আসনত প্ৰতিদ্বন্দ্বিতা, ভোটযুদ্ধত অৱতীৰ্ণ ৩২৭জন সাংসদ। ৫৩জন কেন্দ্ৰীয় মন্ত্ৰীৰো হ’ব ভাগ্য নিৰ্ণয়।

Category