শৰীৰৰ ওজন জোখাৰ সঠিক সময় কেতিয়া জানেনে?....

weight

শৰীৰৰ ওজন বৃদ্ধি হ'লে বহুতে বিভিন্ন সমস্যাত ভোগে। চিকিৎসকৰ মতে দেহৰ অতিৰিক্ত ওজনে কলেষ্টেৰ'ল, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ আশংকা বৃদ্ধি কৰে। এনেক্ষেত্রত অতিৰিক্ত ওজন হ'লে তাক নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। 

অতিৰিক্ত ওজন নিয়ন্ত্ৰণৰ বাবে বহুতে পুষ্টি বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি খাদ্য তালিকা প্রস্তুত কৰি লয় অর্থাৎ ডায়েটিং কৰিবলৈ আৰম্ভ কৰে। আন একাংশই আকৌ ডায়েট চলি থকাৰ মাজতে সময় সুযোগ পালেই দেহৰ ওজন জুখিবলৈ মেচিনতো উঠে। অৱশ্যে সম্মুখত ওজন জোখা মেচিন দেখিলে নিজৰ ওজন সম্পর্কে জানিবলৈ প্রায়ভাগৰেহ আগ্রহ বাঢ়ে। 

কিন্তু কথা হ'ল- কোন সময়ত দেহৰ ওজন জোখা উচিত। দেহৰ ওজন জোখাৰ কিছুমান নির্দিষ্ট সময় আৰু পদ্ধতি আছে। যেতিয়াই মন যায় তেতিয়াই ওজন জুখিলে প্রকৃত ফল পোৱা নাযায়।

চিকিৎসকৰ মতে পুৱাই উঠি পেট পৰিষ্কাৰ কৰি পানী, চাহ- কফি বা দৰৱ খোৱাৰ পূৰ্বে ওজন জুখিলে সঠিক ফল পোৱা যায়।

বহুতৰে আকৌ বাৰে বাৰে দেহৰ ওজন জোখাৰ অভ্যাস থাকে। চিকিৎসকৰ মতে দৈনিক ওজন জুখিলে সঠিক ফলাফল পোৱা নাযায়। এজন লোকে প্রতি মাহত এবাৰ ওজন জুখিলেই যথেষ্ট। নিজৰ ওজন সম্পর্কে জানিবলৈ যদি বেছি আগ্রহ হয় তেন্তে খুববেছি সপ্তাহত এবাৰ দেহৰ ওজন জুখিব পাৰে।

ওজন জোখাৰ ক্ষেত্ৰত আগৰ দিনটোত কি খাইছে, বা কিমান পৰিমাণৰ পানী অথবা কোনো নতুন দৰৱ খাইছে নেকি বা শাৰীৰিক শ্রম কিমান কৰিছে সেয়া নিৰ্ভৰ কৰে। খাদ্য আৰু শাৰীৰিক শ্রমে তুলনামূলকভাৱে দেহৰ ওজন কমায় বা বৃদ্ধি কৰে।

Category