সাৱধান! ২৫ মে’ত সৰ্বোচ্চ তাপমাত্ৰা ৩৯ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা....

summer

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। গুৱাহাটীকে ধৰি অসমৰ ভিন্ন প্ৰান্তত উৎকট গৰমৰ বাবে স্বাভাৱিক জন-জীৱনত আহি পৰিছে বাধা। ৰাজ্যৰ ভিন্নপ্ৰান্ত আজিৰ দিনটোত তাপমাত্ৰা ৩৮ ডিগ্ৰী অতিক্ৰম কৰিছে। 

ইয়াৰ মাজতে আন এক ভয়ংকৰ খবৰ!।অহা ২৫ মে’ত উষ্ণতা আৰু অধিক বৃদ্ধি পাই ৩৯ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

লগতে, আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত অসমৰ প্ৰায়বোৰ ঠাইতে উৎকট গৰম আৰু আৰ্দ্ৰতা বেছি হোৱাৰ সম্ভাৱনা আছে। সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে অহা ২৪ ঘণ্টাৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে বজ্ৰপাত হোৱাৰো সম্ভাৱনা আছে।

Category