মুগা পালনে হাঁহি বিৰিঙাইছে ঢকুৱাখনাৰ কৃষকৰ
মুগা খেতিৰে স্বাৱলম্বী অঞ্চলটোৰ বহু কৃষক
মুগা সূতাৰে বজাৰ দখলৰ চেষ্টা কৃষক ৰাইজৰ
সূতা কটাত ব্যস্ত অঞ্চলটোৰ উদ্যমী মহিলা
বছৰেকত ৯০ হাজাৰৰ পৰা ১ লাখ টকালৈ উপাৰ্জন
ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাৰ মুগা সূতা,আৰু মুগা কাপোৰৰ এক সুকীয়া স্থান আছে। য'ত ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত শ শ কৃষকে এই মান ৰাখিবলৈকে পালন কৰে বছৰেকত ৩-৪ বাৰকৈ মুগা পলু। ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাত পলুৰ মাজত দেখা দিয়া অচিন ৰোগ, প্ৰাকৃতিক দুৰ্যোগ আৰু চৰকাৰী অৱহেলা আদিৰ বাবেও ঢকুৱাখনাৰ মুগা শিল্পই গভীৰ সংকটৰ মাজলৈ গতি কৰা দেখা যায়।
যিহেতু অসমৰ মুগা শিল্প এটা কৃষিভিত্তিক কুটীৰ শিল্প আৰু ইয়াৰ ওপৰত অসমৰ চহা ৰাইজৰ অৰ্থসামাজিক দিশটো বহু পৰিমাণে নিৰ্ভৰ কৰে। কাৰণ ঢকুৱাখনাৰ জলবায়ু ৰেচম শিল্পৰ বাবে উপযোগী হোৱাৰ বাবেই মুগা উপাদনত ৰাজ্যেৰ ভিতৰত উল্লেখযোগ্য স্থান দখল কৰি আহিছে ঢকুৱাখনাই।
- Log in to post comments