শোকৰ ছাঁ, ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, এই দুৰ্ঘটনাত মৃত্যু ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি। ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, ইৰাণৰ ৰাষ্ট্ৰপতি গৰাকীৰ লগত বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিষয়া সকলো আছিল।
উল্লেখ্য যে, দেওবাৰে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনে লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই।
দেওবাৰে ইব্ৰাহিম ৰাইছিয়ে ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল। সেই সময়ত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনা হৈছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইব্ৰাহিম ৰাইছিয়ে আজি আজাৰবাইজানলৈ ৰাওনা হৈছেল। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সংগী আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰী। দুৰ্ঘটনাস্থলীটো আজাৰবাইজানৰ সীমান্তৰ এখন ঠাই বুলি কোৱা হৈছে।
অৱশ্যে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ দুৰ্ঘটনাৰ খবৰে স্বাভাৱিকতে বিশ্ববাসীক চিন্তিত কৰি তুলিছে।
ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাইছিৰ অনুপস্থিতিত ইতিমধ্যে প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মখবেৰে বিষয়া আৰু বিদেশী চৰকাৰৰ পৰা ফোন আহিবলৈ আৰম্ভ কৰিছে। ইৰাণৰ কেবিনেটৰ জৰুৰী বৈঠক অনুষ্ঠিত হয় আৰু সোমবাৰে পুৱা চৰকাৰী সংবাদ মাধ্যমে এই কথা ঘোষণা কৰে।
ইয়াৰ পিছতে কেবিনেটে এক বিবৃতি প্ৰকাশ কৰি ৰাইছিৰ পথ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিশ্চিত কৰে যে “ঈশ্বৰ আৰু জনসাধাৰণৰ সহায়ত দেশখন পৰিচালনা কৰাত কোনো সমস্যা নহ’ব”।
- Log in to post comments